October 30, 2025 8:51 PM

views 18

ৰাজ্যৰ কেইবাখনো জিলাত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ আজি ধেমাজি জিলাৰ জোনাইৰ গান্ধী ময়দান খেলপথাৰত অনুষ্ঠিত হয়। এই শিবিৰত ১৮ তলৰ ৩ হাজাৰৰো অধিক ল'ৰা-ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। জোনাইৰ বিধায়ক ভুৱন পেগুৱে এই শিবিৰত অংশ লৈ ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ বিষয়ে ৰাইজক অৱগত কৰে। ৫০গৰাকী বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। গোলাঘাট জিলাতো আজি শুশ্রুষা সেতু আঁচনিৰ অধীনত পঞ্চমটো বৃহৎ স্বাস্...

October 27, 2025 11:27 AM

views 18

ৰাজ্যৰ কেইবাখনো জিলাত ৰাজ্য চৰকাৰৰ শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি অনুষ্ঠিত হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎকৰ দ্বাৰা ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই শিবিৰত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ কথা ৰাইজক অৱগত কৰে আৰু ইয়াৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়। শোণিতপুৰ...

October 15, 2025 9:00 PM

views 33

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ‘শুশ্রূষা সেতু’ শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ ৰূপায়ণ

অসম চৰকাৰে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্রূষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিধায়ক তৰংগ গগৈয়ে এই শিবিৰ উদ্বোধন কৰে। এই স্বাস্থ্য শিবিৰত সমষ্টিটোৰ ২৩৮ খনৰো অধিক বিদ্যালয় আৰু ৩০০টা অংগনৱাড়ী কেন্দ্ৰৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। জিলাখনত অহা ২৫ অক্টোবৰত টিংখং বিধানসভা সমষ...

October 14, 2025 8:03 PM

views 31

শুশ্রূষা সেতু শীর্ষক স্বাস্থ্য শিবিৰত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা সেৱা প্ৰদান

ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রূষা সেঁতু শীর্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পর্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। যোৱা ১০ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ ৩৯টা সমষ্টিভিত্তিক স্বাস্থ্য মেলাত ১০ হাজাৰৰো অধিক ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীক প্রাথমিক পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হৈছে। এই স্বাস্থ্য শিবিৰ সমূহত ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই স্বাস্থ্য মেলাৰ অংশ হিচাপে বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়াত আজি বিশেষ ক...

April 1, 2025 6:50 PM

views 22

কোকৰাঝাৰৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য শিবিৰৰ আয়োজন

কোকৰাঝাৰ জিলাৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাৰ স্বাস্থ্য সমিতিয়ে আয়োজন কৰা এই শিবিৰ বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জীত বসুমতাৰীয়ে মুকলি কৰে। জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ সন্দৰ্ভত অৱগত কৰাৰ বাবে এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।