October 30, 2025 8:51 PM October 30, 2025 8:51 PM
12
ৰাজ্যৰ কেইবাখনো জিলাত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ
ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ আজি ধেমাজি জিলাৰ জোনাইৰ গান্ধী ময়দান খেলপথাৰত অনুষ্ঠিত হয়। এই শিবিৰত ১৮ তলৰ ৩ হাজাৰৰো অধিক ল'ৰা-ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। জোনাইৰ বিধায়ক ভুৱন পেগুৱে এই শিবিৰত অংশ লৈ ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ বিষয়ে ৰাইজক অৱগত কৰে। ৫০গৰাকী বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। গোলাঘাট জিলাতো আজি শুশ্রুষা সেতু আঁচনিৰ অধীনত পঞ্চমটো বৃহৎ স্বাস্...