April 1, 2025 6:59 PM April 1, 2025 6:59 PM
7
ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ মুকলি
ৰাজ্যজুৰি স্বাস্থ্যসেৱা সুলভ আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম মন্ত্রীসভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিশ্বনাথত ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি আম্বাগাঁও বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। জিলা আয়ুক্ত পুলক পাটগিৰিয়ে শিবিৰটো উদ্বোধন কৰে। জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে আয়োজিত এই স...