July 22, 2025 7:55 PM
12
ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
উৰণ সেতু নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ পৰা স্থানান্তৰ কৰা গছসমূহ বন বিভাগৰ এছ অ’ পি অনুসৰি স্থানান্তৰ কৰা হৈছেনে নাই সেইবিষয়ে আদালতত জনাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। উৰণ সেতু নির্মাণৰ নামত গছ কেইজোপা স্থানান্তৰ কৰাৰ বিৰুদ্ধে গুৱাহাটীৰ এজন ব্যক্তিয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিকালত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ মাইকেল জোথানখুমাক লৈ গঠিত খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে। আজি ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই পৰৱৰ্তী শুনানিত...