December 5, 2024 1:28 PM December 5, 2024 1:28 PM

views 5

অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিল কৰাক লৈ এটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী কৰিছে। এই সন্দৰ্ভত সদৌ অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ক তথা কাজী সন্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সংগঠনটোৱে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল জমিৰ আৰু কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে বিষয়টোক লৈ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে। ন্যায়ালয়ে ৪ সপ্তাহৰ ভিতৰত চৰকাৰী পক্ষসমূহক শপতনামা দাখিল কৰিবলৈ নি...