January 11, 2026 8:43 PM

views 23

ছিৰিয়াৰ বিভিন্ন অঞ্চলৰ ইছলামিক স্টেট-আই এছ আই এছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ

আমেৰিকাই ছিৰিয়াৰ বিভিন্ন অঞ্চলৰ ইছলামিক স্টেট-আই এছ আই এছৰ ঘাটিত আক্ৰমণ কৰে। যোৱামাহত পালমাইৰাত সংঘটিত আই এছ আই এছৰ আক্ৰমণৰ প্ৰত্যুত্তৰত এই আক্ৰমণ কৰা হয়। উল্লেখযোগ্য যে পালমাইৰাত সংঘটিত আক্ৰমণত আমেৰিকাৰ দুজন সৈনিক আৰু এজন নাগৰিক নিহত হৈছিল। আমেৰিকাৰ কেন্দ্রীয় কামাণ্ডে কয়, যে যোৱানিশা আমেৰিকাই সহযোগী সেনাবাহিনীৰ সৈতে বৃহৎ পৰিসৰত কেইবাটাও ঘাটিক লক্ষ্য কৰি এই আক্রমণ সংঘটিত কৰে। পাছত জর্দানৰ সেনা বাহিনীয়েও এই আক্রমণত ভাগ লোৱাৰ কথা ঘোষণা কৰে। ট্রাম্প প্রশাসনে এই আক্ৰমণক অপাৰেচন HAWK-EYE নামেৰে নামকৰ...