August 21, 2024 6:53 PM

views 26

হাটশিঙিমাৰীত নাও দুর্ঘটনাৰ সময়ত কৰণীয় সন্দৰ্ভত দুদিনীয়া প্রশিক্ষণ কর্মশালা

জিলা দুর্যোগ ব্যৱস্থাপনাৰ উদ্যোগত হাটশিঙিমাৰীত নাও দুর্ঘটনাৰ সময়ত কৰণীয় সন্দৰ্ভত দুদিনীয়া প্রশিক্ষণ কর্মশালা অনুষ্ঠিত হৈছে। কর্মশালাৰ প্রথম দিনা মলাখোৱা গাঁও পঞ্চায়তত ৩০খনকৈ নাৱৰ গৰাকী আৰু চালকৰ লগতে ৩ গৰাকী গাঁওপ্রধানক এছ ডি আৰ এফ বাহিনীয়ে প্রশিক্ষণ প্রদান কৰে। কর্মশালাত নাও দুর্ঘটনাৰ সময়ত যাত্ৰীসকলক সুকলমে উদ্ধাৰৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত প্রশিক্ষণ দিয়া হয়। কর্মশালাৰ অন্তত কাইলৈ অংশগ্রহণকাৰীসকলক মানপত্র প্রদান কৰা হ'ব বুলি দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জানিবলৈ দিছে।