July 16, 2025 10:07 PM

views 21

হাটশিঙিমাৰীত ছাত্ৰ-ছাত্ৰীৰ বাবে ৭দিনীয়া গ্রীষ্মকালীন বেডমিণ্টন প্রশিক্ষণ শিবিৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ সহযোগত জিলা শিক্ষা বিভাগে হাতশিঙিমাৰীত ছাত্ৰ-ছাত্ৰীৰ বাবে ৭ দিনীয়া গ্রীষ্মকালীন বেডমিণ্টন প্রশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ১৪ জুলাইৰ পৰা চলি থকা এই বেডমিণ্টন প্ৰশিক্ষণ শিবিৰত অসম বেডমিণ্টন দলৰ প্ৰাক্তন প্রশিক্ষক নুৰাল আখতাৰ হুছেইনে মুখ্য প্রশিক্ষক হিচাপে অংশগ্রহণ কৰিছে। প্ৰথমবাৰৰ বাবে জিলাখনত আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল খেলবিধৰ প্ৰতি আগ্রহী হ'ব বুলি হাতশিঙিমাৰীৰ সমগ্ৰ শিক্ষা জিলা আঁচনি বিষয়া ৰফিউল আলম আহমেদে আশা প্রকাশ কৰে ।