July 6, 2024 12:11 PM

views 27

হাথৰছত সংঘটিত শোকাৱহ ঘটনাৰ অভিযোগত দেৱপ্ৰকাশ মধুকৰক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে হাথৰছত সংঘটিত শোকাৱহ পদপিষ্টৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দেৱপ্ৰকাশ মধুকৰ নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। এই দুৰ্ঘটনাত ১২১ জন লোকে প্ৰাণ হেৰুৱাইছে। আৰক্ষীয়ে এজাহাৰত দেৱপ্ৰকাশ মধুকৰক এই ঘটনাৰ মূল অভিযুক্ত বুলি উল্লেখ কৰিছিল। পূৰ্বেই এই লোকজনৰ তথ্য দিব পৰা ব্যক্তিক ১ লাখ টকা দিয়াৰ কথা ঘোষণা কৰা হৈছিল। এই ঘটনাত জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা এদিন পাছতে দেৱপ্ৰকাশ মধুকৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই সকলো কেইজন ব্যক্তিয়ে সৎসংগ আয়োজক কমিটীৰ সদস্য আছিল।