September 10, 2024 8:53 PM

views 11

হাৰিয়ানা বিধানসভা নির্বাচনৰ বাবে বিজেপিৰ ২১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ভাৰতীয় জনতা পাৰ্টীয়ে আজি হাৰিয়ানা বিধানসভাৰ আসন্ন নির্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত আন এখন তালিকা প্রকাশ কৰে। তালিকা অনুসৰি জুলানা বিধানসভা আসনৰ পৰা যোগেশ বৈৰাগীয়ে অলিম্পিকত ভাৰতৰ হৈ অংশ লোৱা ৱিনেশ ফোগাটৰ বিৰুদ্ধে আৰু ৰায় আসনৰ পৰা কৃষ্ণ গহলাৱাটে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, বিমলা চৌধাৰীয়ে পাটাউডী আৰু প্ৰদীপ চাংৱানে বৰোদা বিধানসভা আসনৰ পৰা নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ'ব। একেদৰে, ফিৰোজপুৰ ঝিৰকাত নাছিম আহমেদক আৰু পুনাহানাত আইজ খানক দলে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে। এই পৰ্যন্ত দলটোৱে...