August 24, 2024 12:17 PM

views 61

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী হর্ষ মালহোত্রাৰ দৰং জিলা ভ্ৰমণ

প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু প্ৰতি ৩ মাহৰ মূৰে মূৰে তেওঁৰ মন্ত্ৰীসভাৰ একোজন মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলৰ জিলা বিশেষকৈ পিছপৰা জিলাসমূহ ভ্ৰমণ কৰি উন্নয়নমূল কাম-কাজৰ অগ্ৰগতিৰ বুজি ল'বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হর্ষ মালহোত্রাই কালি দৰং জিলাত উপস্থিত হৈ এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত ভাগ...

August 23, 2024 6:46 PM

views 17

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোট্ৰাৰ দৰং জিলা ভ্ৰমণ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোট্ৰাই আজি দৰং জিলা ভ্ৰমণ কৰি মঙলদৈৰ বাঘপড়ি গাঁৱত জল জীৱনৰ মিছন আঁচনিৰ অধীন নিৰ্মাণ কৰা দুই নম্বৰ খোৱাপানী যোগান আঁচনিখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁৰ সৈতে সাংসদ দিলীপ শ‍ইকীয়া, স্থানীয় বিধায়ক, জিলা আয়ুক্ত আদিয়ে সংগ দিয়ে। ইফালে মন্ত্ৰীগৰাকীয়ে আজি তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ সৈতে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র উপস্থিত থাকে।