August 24, 2025 7:38 PM

views 41

বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আইন-শৃংখলা পৰিস্থিতিৰ বুজ ল’বলৈ বিটিআৰ ভ্ৰমণ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিত সিঙৰ

আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আইন-শৃংখলা পৰিস্থিতিৰ বুজ ল'বলৈ বি টি আৰ ভ্ৰমণ কৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি চিৰাং জিলাৰ কাজলগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়। তেওঁ জিলা আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মত-বিনিময় কৰে। এই বৈঠকত অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে আসন্ন নির্বাচন সুকলমে পৰিচালনাৰ বাবে সকলো দিশ চালি-জাৰি চোৱা হয়। উল্লেখযোগ্য যে, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কালি কোকৰাঝাৰ জিলাৰ উচ্চপ...