September 12, 2024 6:14 PM

views 29

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টীৰ ষষ্ঠখন তালিকা ঘোষণা

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টীয়ে ষষ্ঠখন তালিকা ঘোষণা কৰিছে। এই তালিকাখনত ১৯ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে। দলে প্ৰেম গাৰ্গক পঞ্চকুলা আসনখনৰ বাবে প্রার্থিত্ব প্ৰদান কৰাৰ বিপৰীতে ফাতেহাবাদ আসনখনৰ বাবে কমল বিছলাক প্রার্থী হিচাপে থিয় কৰোৱাইছে। আনহাতে, আম্বালা চিটী আৰু দাদি আসনখনৰ বাবে কেতন শৰ্মা আৰু ধনৰাজ কুণ্ডুক প্রার্থিত্ব প্ৰদান কৰা হৈছে।

September 12, 2024 1:45 PM

views 41

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে ১৬ ছেপ্তেম্বৰলৈকে মনোনয়ন পত্ৰ প্ৰত্যাহ্বাৰ কৰিব পাৰিব। ৯০ জনীয়া হাৰিয়ানা বিধানসভাৰ বাবে ৫ অক্টোবৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব আৰু ৮ অক্টোবৰত ভোট গণনা কৰা হ'ব।

September 5, 2024 6:03 PM

views 53

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা ১২ ছেপ্তেম্বৰ। ১৩ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইফালে, ১৬ ছেপ্তেম্বৰৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। ৯০ খন আসনবিশিষ্ট হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে ৫ অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচনৰ ভোটগণনা ৮ অক্টোবৰত সম্পন্ন হ'ব।