September 7, 2024 12:24 PM

views 10

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৩১ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৩১ গৰাকী প্ৰাৰ্থীৰ এখন তালিকা প্রকাশ কৰিছে ৷ সেই অনুসৰি দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাই গঢ়ি চাম্পলা কিলোই আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। প্ৰদেশ কংগ্ৰেছৰ মুৰববী উদয় ভানক হোদলৰ পৰা টিকট প্ৰদান কৰা হৈছে। একেদৰে কালি কংগ্ৰেছত যোগদান কৰা মল্লযোদ্ধা ৱিনেশ ফোগটক জুলানাৰ পৰা দলীয় প্রার্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে । ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী গীতা ভূক্কল ঝজ্জৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ৯০ জনীয়া হাৰিয়ানা বিধানসভাৰ...