July 27, 2024 11:59 AM

views 11

প্রাক্তন সাংসদ হৰিশ দ্বিবেদীক অসমৰ ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে নিযুক্তি

প্রাক্তন সাংসদ হৰিশ দ্বিবেদীক অসমৰ ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰকাশ কৰা অনুসৰি মুঠ ৬ খন ৰাজ্যৰ প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিয়াৰ লগতে বিহাৰ আৰু ৰাজস্থানত দলটোৰ নতুন ৰাজ্যিক মুৰব্বীৰ নাম ঘোষণা কৰা হৈছে। বিহাৰত বৰ্তমান সহ-প্রভাৰী হিচাপে নিযুক্ত হৈ থকা প্রাক্তন সাংসদ দ্বিবেদীয়ে বৈজয়ন্ত পাণ্ডাৰ পৰা অসমৰ প্ৰভাৰীৰ দায়িত্ব গ্রহণ কৰিব।