May 31, 2024 11:37 AM

views 19

ঐতিহ্য সংৰক্ষণৰ বাবে অর্থনৈতিক শক্তিৰ ভেটি নিৰ্মাণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য হৰিৱংশ নাৰয়ণ সিঙৰ

ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিৱংশ নাৰায়ণ সিঙে ঐতিহ্য সংৰক্ষণৰ বাবে অর্থনৈতিক শক্তিৰ ভেটি নিৰ্মাণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ কলা নিধি বিভাগৰ উদ্যোগত কালি আয়োজিত গ্রন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে যিকোনো দেশৰ থলুৱা ভাষাত কৰা সাংবাদিকতাৰ শক্তি জাতিটোৰ অৰ্থনৈতিক অৱস্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ কয় যে অনুষ্ঠানত উন্মোচিত হিন্দী সাংবাদিকতাৰ সৈতে জড়িত গ্ৰন্থখনে ভৱিষ্যতৰ লেখকসকলৰ বাবে সহায়ক হিচাপে কাম কৰিব। Read More new...