August 28, 2025 1:25 PM

views 17

ভক্তি আন্দোলনৰ অন্যতম হোতা শ্ৰী শ্ৰী হৰিদেৱৰ আজি পৱিত্ৰ আবিৰ্ভাৱ তিথি

ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি পৱিত্ৰ আবিৰ্ভাৱ তিথি । শ্ৰীশ্ৰী হৰিদেৱে সমাজক আধ্যাত্মিকতাৰ অমলিন বাট দেখুৱাই মানেৰি, বহৰি, কৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰস তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয়া গ্ৰন্থৰ ৰচনাৰে অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৱিৰ্ভাৱ তিথি উপলক্ষে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।