September 25, 2025 10:08 PM

views 24

ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে জৈৱ ইন্ধন আহৰণৰ ক্ষেত্ৰত ২০ শতাংশ সফলতা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে জৈৱ ইন্ধন আহৰণৰ ক্ষেত্ৰত ২০ শতাংশ সফলতা লাভ কৰিছে বুলি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি প্ৰকাশ কৰে ৷ নতুন দিল্লীত অনুষ্ঠিত ৱৰ্ল্ড হাইড্ৰ'জেন ইণ্ডিয়া সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ভাৰতে ২০৩০ চনৰ ভিতৰত পাঁচ মিলিয়ন টন সেউজ হাইড্ৰ'জেন উৎপাদনৰ সামৰ্থ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মন্ত্ৰী শ্ৰী সিঙে কয়, যে সেউজ হাইড্ৰ'জেন গেছে ভৱিষ্যতৰ ইন্ধন আৰু ইয়াৰ জৰিয়তে স্থানীয় চাহিদা, স্থানীয় ...

June 23, 2025 11:27 AM

views 25

পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি হৰদীপ সিং পুৰীৰ প্ৰকাশ

চৰকাৰে বিগত দুটা সপ্তাহ ধৰি পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কালি শ্ৰীপুৰীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত কিছু বছৰত ইয়াৰ যোগান ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে তেল কোম্পানীসমূহৰ ওচৰত কেইবা সপ্তাহৰো যোগান মজুত আছে আৰু এই কোম্পানীসমূহে আগলৈও শক্তি যোগান লাভ কৰিব। তেওঁ কয়, যে ভাৰতীয় নাগৰিকসকলৰ বাবে ইন্ধনৰ যোগানৰ ক্ষ...

April 16, 2025 1:18 PM

views 44

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ অ’ এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আৱণ্টন

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে অ'পেন এক্‌জে লাইচেন্সিং পলিচী চমুকৈ অ' এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আবণ্টন কৰিছে। বিষয়টোৰ তাৎপৰ্য সম্পর্কে ব্যাখ্যা কৰি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মন্তব্য কৰিছে যে, ইয়াৰ দ্বাৰা ভাৰতৰ অব্যৱহৃত শক্তি ক্ষমতাৰ আহৰণ তথা আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় হ'ব। শক্তিখণ্ডত ইয়াৰ দ্বাৰা সুদূৰপ্ৰসাৰী প্রভাৱ পৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লগতে অলপতে গৃ...

April 8, 2025 12:23 PM

views 20

সমগ্ৰ দেশতে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক ২ টকাকৈ বৃদ্ধি

সমগ্ৰ দেশতে কালি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত আৱকাৰী শুল্ক ২ টকাকৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে আৱকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়। ইপিনে, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰী পুৰীয়ে কয়, যে উজ্জ...

April 7, 2025 8:19 PM

views 21

প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক দুটকাকৈ বৃদ্ধি

সমগ্ৰ দেশতে আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত আৱকাৰী শুল্ক দুটকাকৈ বৃদ্ধি পাব। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে আৱকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়। তদুপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰী পুৰীয়ে ...

February 27, 2025 3:31 PM

views 14

দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছেঃ হৰদীপ সিং পুৰী

ভাৰতে পেট্ৰ'লৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ ২০ শতাংশতকৈও অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছে। তেওঁ উন্নয়নমূলক প্ৰত্যাহ্বান সত্বেও দেশৰ জীৱাশ্ম ইন্ধন কোম্পানীসমূহে ২০৪৫ চনৰ ভিতৰত শূন্য কার্বন নিস্কাষণৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা ...

February 26, 2025 8:43 PM

views 34

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ মেঘালয়ৰ ৰি-ভই জিলা ভ্রমণ

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি মেঘালয়ৰ ৰি-ভই জিলা ভ্রমণ কৰি জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰে। তেওঁৰ এই ভ্রমণে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, আৰ্থিক অন্তৰ্ভুক্তি আৰু দক্ষতা বিকাশ তথা আন্তঃগাথনি-এই ৫ টা সূচকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উমদিহাৰ গাঁৱত আনাৰস প্ৰক্ৰিয়াকৰণৰ গোটটো পৰিদৰ্শন কৰে।

February 26, 2025 6:36 PM

views 34

অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ

অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছামৰ  আজি দ্বিতীয় দিনা অসমৰ শক্তি সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ : ভৱিষ্যতৰ বাবে প্ৰস্তুত তেল আৰু গেছ আন্তঃগাঁথনি নিৰ্মাণ, উদ্ভাৱন আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়ভিত্তিক সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ ক...

February 14, 2025 9:06 PM

views 34

ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত এই শক্তি সপ্তাহৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে এই মঞ্চ অন্য গোলকীয় শক্তি মঞ্চসমূহৰ পৰা পৃথকৰূপে বিবেচিত হৈছে। এই শক্তি মঞ্চই নেটৱৰ্কিং মঞ্চৰূপে সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে প্ৰকৃত ব্যৱসায়িক লেনদেনৰ সুবিধা প্ৰদান কৰিছে। ভাৰত শক্তি সপ্তাহৰ পৰৱৰ্ত্তী সংস্কৰণ গোৱাত অনুষ্ঠিত হ'ব। এই মঞ্চই পেট্ৰ'লিয়াম, প্রাকৃ...

January 12, 2025 8:43 PM

views 28

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ মন্তব্য

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ৰাজধানী দিল্লীত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্তব্য কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰীপুৰীয়ে কয়, যে বিগত বিধানসভা নিৰ্বাচনত শ্ৰীকেজৰিৱালে বায়ু প্ৰদূষণ হ্ৰাস কৰা, যমুনা নৈ পৰিষ্কাৰকৰণ, সকলোৰে বাবে স্বাস্থ্য সেৱা আৰু মহানগৰীখনত ৫০০ খন নতুন চৰকাৰী বিদ্যালয় স্থাপনকে ধৰি ১০ টা গেৰাণ্টি প্ৰদান কৰিছে। শ্ৰীপুৰীয়ে তেওঁলোকে আনকি ১০০ খন বিদ্যা...