August 9, 2024 11:39 AM

views 13

‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী উৎসৱমুখৰ পৰিৱেশেৰে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত স্বাধীনতা দিৱস যথাবিহীত কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ লগতে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীও উৎসৱমুখৰ পৰিৱেশেৰে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যৰ বিভিন্ন আত্মসহায়ক গোট, ভিডিপি, অংগনৱাড়ী কর্মী, আশাকর্মী, ক্রীড়া সংগঠন, সাংস্কৃতিক সংগঠন, এন এছ এছ, এন চি চি আদিৰ উপৰি সকলো শ্ৰেণীৰ ৰাইজক সামৰি এই কাৰ্যসূচী উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নির্দেশনা প্ৰদান কৰিছে। আনহাতে এই কাৰ্যসূচীৰ আলোকচিত্ৰ হৰ ঘৰ তিৰংগা প'ৰ্টেলত আপলোড কৰিবলৈও তেওঁ নিৰ্দেশ...