August 13, 2025 12:21 PM

views 26

ছিকিমত প্ৰেম সিং তামাঙৰ নেতৃত্বত ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ কাৰ্যসূচী

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কালি ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আয়োজন কৰা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ৰাজ্যপাল ওম প্ৰকাশ মাথুৰসহ সকলো অংশগ্ৰহণকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে দেশৰ ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু ছিকিমৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ লক্ষ্য হৈছে নাগৰিক আৰু ৰাষ্ট্ৰীয় পতাকাৰ মাজত আৱেগিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে দেশপ্ৰেমক অধিক শক্তিশালী কৰা। তেওঁ কয় যে ...

August 11, 2025 12:28 PM

views 28

পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ তিৰংগা যাত্ৰা কাৰ্যসূচী

● পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানী আৰু লাংপি শিশু বিদ্যা নিকেতনৰ সহযোগত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাৰ্বত্য জিলাখনৰ লেঙেৰীত অনুষ্ঠিত এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত তিৰংগা যাত্ৰাৰ উপৰি প্ৰতিটো ঘৰতে জাতীয় পতাকা উৰুৱাই স্বাধীনতাৰ গৌৰৱ অনুভৱ কৰিবৰ বাবে ১২৮ নম্বৰ বেটেলিয়নৰ সহকাৰী সেনাধ্যক্ষ এল শ্বেৰত’ৱে আহ্বান জনাইছে।

August 10, 2025 7:52 PM

views 23

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সৰুসজাই ষ্টেডিয়ামত মটৰ চাইকেল ৰেলীৰ আয়োজন

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা কাম্য নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সৰুসজাই ষ্টেডিয়ামত এটা মটৰ চাইকেল ৰেলী উলিয়ায়। অপাৰেছন সিন্দূৰক শক্তিশালী নেতৃত্ব প্ৰদান কৰা সেনা বাহিনীৰ দুগৰাকী বিৰাঙ্গনা কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভৌমিকা সিঙৰ লগতে দেশ সেৱাত নিয়োজিত হৈ থকা প্ৰতিগৰাকী বীৰাঙ্গনালৈ সন্মান প্ৰদৰ্শন কৰি এই ৰেলীৰ আয়োজন কৰা হয়। প্ৰাক্তন সাংসদ কুইন ওজা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰা ছেল্যুত বীৰাঙ্গনা শীৰ্ষক এই মটৰ চাইকেল ৰেলীট...

August 10, 2025 7:46 PM

views 28

সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰাৰ আয়োজন

সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত আজি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো আজি মন্ত্রী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্রেমমূলক ধব...

August 10, 2025 7:33 PM

views 23

সমগ্ৰ ভাৰততে ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শলাগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰততে ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণৰ শলাগ লৈছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে এই যাত্রাই দেশৰ জনসাধাৰণক একত্ৰিত কৰি গভীৰ দেশপ্ৰেমমূলক মনোভাৱ আৰু ৰাষ্ট্ৰীয় পতাকাৰ তেওঁলোকৰ গৌৰৱক প্রতিফলিত কৰিছে। তেওঁ লগতে harghartiranga.com পৰ্টেলত ফটো আৰু ছেলফি আপলোড কৰিবলৈকো জনসাধাৰণক আহ্বান জনায়।

August 8, 2025 8:02 PM

views 24

দেশজুৰি আজিৰে পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ

দেশপ্ৰেমৰ চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে দেশজুৰি আজিৰে পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশাত্মবোধৰ মানসিকতাৰে ৰাইজক প্ৰেৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। হোজাই জিলাৰ ডবকা পৌৰসভাৰ অধীনত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে আজি স্বেচ্ছাসেৱী গোটৰ সদস্যসকলে তৈয়াৰ কৰা ত্ৰিৰংগ পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়।        বৰপেটা জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে চেঙা আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জাতীয় পতাকাৰ আৰ্হিত মহাবিদ্যালয়ৰ চৌহদত আল্পনা আঁকে। জিল...

August 15, 2024 11:55 AM

views 30

হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনন্দ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ আনন্দ প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কৈছে যে, এই জনপ্রিয়তাই ত্ৰিৰংগাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানকে প্রতিফলিত কৰিছে। সামাজিক মাধ্যম এক্স যোগে তামিলনাডুৰ ৰামেশ্বৰমৰ সমীপত মণ্ডপমত ভাৰতীয় উপকুলৰক্ষী বাহিনীয়ে উদযাপন কৰা হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ দৃশ্য শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে।

August 10, 2024 1:04 PM

views 29

অসমতো দেশজুৰি আয়োজিত হ’বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী ৰূপায়ণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ'বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ'ব। কালি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ'ব লগা ঘৰে ঘৰে ত্রিৰংগা কাৰ্যসূচীত গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক জীৱিকা সখীৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে স্কুটী ৰেলী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা ১৩ আগষ্টত শ্ৰীম...

August 8, 2024 8:06 PM

views 25

কাইলৈৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গর্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে।

August 6, 2024 9:10 PM

views 26

হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে।