July 28, 2024 11:42 AM July 28, 2024 11:42 AM

views 2

গুৱাহাটীৰ খানাপাৰাত শিপিনী আৰু হস্তকলা শিল্পৰ উত্থান শীৰ্ষক দক্ষতা বিকাশ কাৰ্যসূচী

গুৱাহাটী অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এশ দিনৰ কাৰ্যসূচীৰ অন্যতম কেন্দ্ৰীয় হস্ততাঁত মন্ত্ৰালয়ৰ অধীনৰ “শিপিনী আৰু হস্তকলা শিল্পৰ উত্থান” শীৰ্ষক দক্ষতা বিকাশ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় হস্ততাঁত আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই কাৰ্যসূচী মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ মন্ত্রী ইউ জি ব্ৰহ্মই হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সৈতে জড়িত শিপিনী তথা অন্যান্য শিল্পীসকলৰ কাৰিকৰী প্ৰ...

April 4, 2024 8:58 PM April 4, 2024 8:58 PM

views 17

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে ফাঁচী বজাৰত অভিযান

♦ ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে আজি মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে মহানগৰীৰ ফাঁচী বজাৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে কেইবাখনো দোকানৰ পৰা ৫৮ খন মেচিনত বোৱা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে, অসমীয়াৰ গামোচাখনে ভৌগোলিক মান্যতা লাভ কৰাৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে ৰঙালী বিহুৰ সুযোগ লৈ মেচিনত বোৱা গামোচা বিক্ৰী কৰি আহিছে। বিভাগীয় এটা সূত্ৰই জনোৱা মতে গণেশগুৰি, ফাঁচী বজাৰ আদিত অভিযান চলাই এতিয়ালৈ মুঠ ৩৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে।