September 10, 2024 9:03 PM

views 15

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত শৰৎ চন্দ্ৰ গোস্বামী স্মাৰক আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতা

সদৌ অসম শৰৎ চন্দ্ৰ গোস্বামী স্মাৰক ২৪সংখ্যক আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতা আজি গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। নাৰীবাদী আন্দোলনত পুৰুষৰ সক্ৰিয় অংশগ্ৰহণৰ দ্বাৰাহে লিংগ সমতা ৰক্ষা কৰাটো সম্ভৱ শীৰ্ষক বিষয়ত আয়োজিত এই প্রতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো মহাবিদ্যায়ৰ ২০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কটন বিশ্ববিদ্যালয় আৰু দৰং কলেজক প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে ঘোষণা কৰা হয়। আনহাতে কটন বিশ্ববিদ্যালয়ৰ অভিপ্সা কলিতাই শ্রেষ্ঠ তার্কিকৰ সন্মান লাভ কৰ...