October 22, 2025 2:54 PM

views 47

ইজৰাইলে দুবছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰা দুগৰাকী অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে

● ইজৰাইলে দুবছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰা দুগৰাকী অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা মতে হামাছে কালি গাজাত ৰেডক্ৰছক পণবন্দী দুগৰাকীৰ কফিন ছমজাই দিয়ে। উক্রছে কফিন দুটা ইজৰাইলী সামৰিক বাহিনীৰ হাতত অৰ্পন কৰে। মৃতদেহ দুটা তেল আভিভত থকা ৰাষ্ট্ৰীয় ফৰেনছিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হ'ব। ইঝৰাইলৰ বিষয়াসকলে দেশখনৰ পণবন্দীসকলক ঘূৰাই অনাৰ প্ৰচেষ্টা চলি থাকিব আৰু অন্তিমগৰাকী পণবন্দী ঘুৰি নহালৈকে তেওঁলোক ক্ষান্ত নাথাকে বুলি প্ৰকাশ কৰিছে। ইজৰাইলে গাজাত...

April 13, 2025 8:01 PM

views 38

ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত

ইজৰাইলে চলোৱা বিমান আক্ৰমণত গাজা চহৰত সম্পূৰ্ণৰূপে কাৰ্যক্ৰম হৈ থকা অন্তিমখন চিকিৎসালয় অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত হৈছে। গাজাৰ অসামৰিক জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা হোৱা নাই। কেন্দ্ৰীয় নুছেৰাত শৰণাৰ্থী শিবিৰ আৰু দক্ষিণৰ খান ইউনিছৰ বাসিন্দাসকলক উৎখাতৰ বাবে ইজৰাইলী সৈনিকে জাৰি কৰা নিৰ্দেশৰ পাছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বে কালি হামাছৰ সেনা অল কাছাম ব্রিগেডছে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা গাজা ভূখণ্ডত আবদ্ধ হৈ থকা...

February 15, 2025 6:22 PM

views 29

হামাছে মুকলি কৰি দিবলগীয়া ৩ পণবন্দীৰ নাম ইজৰাইলৰ ঘোষণা

গাজা স্ট্রিপত পেলেষ্টাইনী সশস্ত্র গোট হামাছে আজি মুকলি কৰি দিবলগীয়া তিনিজন পণবন্দীৰ নাম ইজৰাইলে ঘোষণা কৰিছে। যোৱা মাহত স্বাক্ষৰ হোৱা যুদ্ধ বিৰতিৰ চুক্তিৰ অধীনত ষষ্ঠবাৰৰ বাবে পণবন্দীকেইজনক মুকলি কৰি দিয়া হ'ব। ইজৰাইলক কাটাৰী আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীৰ জৰিয়তে পণবন্দী লোককেইজনৰ তথ্য দিয়া হয় হামাছৰ কয়দী সংবাদ বিষয়াই প্ৰকাশ কৰা অনুসৰি এই তিনিজন পণবন্দীৰ বিপৰীতে ইজৰাইলে ৩৬৯ গৰাকী পেলেষ্টানী কয়দী মুকলি কৰি দিব বুলি আশা কৰা হৈছে ।