April 26, 2025 9:31 PM

views 27

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা আজি পুৱাৰ ভাগত প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ হয়। এই কাৰ্যসূচীত ২,৫০০ তকৈও অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিভিন্ন শিতানত মুঠ ১০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে ভৱিষ্যতত ব্যাপক পৰিষৰত এই প্রতিযোগিতা আয়োজনৰ আশা প্ৰকাশ কৰে। ক্রীড়া আৰু যুৱ সেৱা মন্ত্ৰী পু লালংঘিংলোভা মাৰে পৰৱৰ্তী আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন অহা বছৰৰ ১৪ ফেব্ৰুৱাৰীত আয়োজিত হ’ব বুলি ঘোষণা কৰে।