April 19, 2025 8:10 PM

views 12

শিৱসাগৰৰ কোঁৱৰপুৰ জুম্মা মছজিদত হজযাত্ৰীক সম্বৰ্ধনা

পৱিত্র হজযাত্ৰাৰ বাবে শিৱসাগৰৰ পৰা যাবলগীয়া হজযাত্ৰীসকলক আজি শিৱসাগৰৰ কোঁৱৰপুৰ জুম্মা মছজিদত সম্বৰ্ধনা জনোৱা হয়। উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সৰ্বমুঠ ৮৩গৰাকী হজযাত্ৰীক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত বিশ্বশান্তিৰ কামনাৰে আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰা হয়।