June 15, 2025 1:01 PM

views 11

হাজোৰ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লীলাৱতী দাস সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত

হাজোৰ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি ইলী ফাউণ্ডেচনৰ উদ্যোগত বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি লীলাৱতী দাস সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত এছ বি দেওৰী কলেজৰ শক্তিমান পেগু আৰু পার্থপ্রতীম ভৰলুৱাই শ্ৰেষ্ঠ দল আৰু উত্তৰ লখিমপুৰ স্বতন্ত্র মহাবিদ্যালয়ৰ ছাত্র শচীন দলে শ্রেষ্ঠ দৰ্শকৰ পুৰস্কাৰ লাভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৯৮গৰাকী প্ৰতিযোগীয়ে ভাগ লোৱা প্ৰতিযোগিতাখন ডাঃ সমুজ্জ্বল ভৰদ্বাজে পৰিচালনা কৰে।