June 14, 2025 11:54 AM June 14, 2025 11:54 AM

views 5

হাজোৰ পি এম শ্রী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুইজ প্ৰতিযোগিতা

হাজোৰ পি এম শ্রী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ইনলি ফাউণ্ডেচনৰ উদ্যোগত বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি লীলাৱতী দাস সোঁৱৰণী কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত হাজো অঞ্চল আৰু পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয়ক এটা বিশেষ ৰাউণ্ড থাকিব। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ উপশমি বিভাগৰ চিকিৎসক তথা আকাশবাণী গুৱাহাটীৰ অংশকালীন বাতৰি পৰিৱেশক ডাঃ সমুজ্জল ভৰদ্বাজে পৰিচালনা কৰিবলগীয়া কুইজ প্ৰতিযোগিতাত স্নাতক পর্যায়লৈ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব বুলি বিদ্যালয...