June 15, 2024 9:08 PM June 15, 2024 9:08 PM

views 8

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুস্কৰৰ ১১৩টা দুষ্প্রাপ্য কাছৰ পোৱালি ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ

হাজোৰ ঐতিহাসিক শ্ৰীশ্ৰীহয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুস্কৰত থকা ১১৩টা দুষ্প্রাপ্য কাছৰ পোৱালি অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছে। স্থানীয় বিধায়ক সুমন হৰিপ্ৰিয়াৰ লগতে সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত কাছকেইটা ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়। চিৰিয়াখানাত কাছকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছতে কাজিৰঙা অথবা মানস ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হ'ব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মাধৱ মন্দিৰৰ বিষ্ণু পুস্কৰৰ পৰিসীমাতকৈ কাছৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই স্থানান্তৰ ...