January 13, 2026 8:43 PM

views 23

হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ কৰ্তৃপক্ষই পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ খেল বাতিল কৰাৰ সিদ্ধান্ত

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ কৰ্তৃপক্ষই পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ খেল বাতিল কৰাৰ সিদ্ধান্ত লৈছে। পৰম্পৰা অনুসৰি মাঘৰ দোমাহীত মন্দিৰৰ বাকৰিত এই খেল অনুষ্ঠিত কৰা হয়। উচ্চতম ন্যায়ালয়ে ২০১৫ চনত এই খেল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি খেল পৰিচালনা সমিতিয়ে বুলবুলি চৰাইৰ খেল বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

October 25, 2024 7:44 PM

views 27

অহা ২ নৱেম্বৰত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান অহা ২ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে পুৱা পতাকা উত্তোলন কৰিব। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত বংকিম চন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু দিনৰ এক বজাত শুভাৰম্ভণি সভা অনুষ্ঠিত হ'ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ডº ন...