January 11, 2025 7:08 PM

views 27

হজ যাত্ৰাৰ বাবে অসমকে ধৰি বিভিন্ন ৰাজ্যৰ মুঠ ৩,৬৭৬ জন আবেদনকাৰীক অস্থায়ীভিত্তিত অনুমতি

চলিত বছৰৰ হজ যাত্ৰাৰ বাবে অসমকে ধৰি বিভিন্ন ৰাজ্যৰ মুঠ ৩,৬৭৬ জন আবেদনকাৰীক অস্থায়ীভিত্তিত অনুমতি দিয়া হৈছে। কেন্দ্ৰীয় হজ কমিটিয়ে এইবাৰৰ হজৰ বাবে দ্বিতীয়খন অপেক্ষাৰ তালিকা আজি প্ৰকাশ কৰে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আৱেদনকাৰীসকলে অহা ২৩ জানুৱাৰীৰ পূৰ্বে মুঠ ২,৭২,৩০০টকা হজৰ ধন জমা দিয়াৰ লগতে এই সন্দৰ্ভত প্রয়োজনীয় নথি-পত্ৰ দাখিল কৰিব লাগিব। কেন্দ্রীয় হজ কমিটিয়ে এইবাৰ হজ যাত্ৰা কৰিবলগীয়া ১,২২,০০০ যাত্ৰীক সুবিধা আগবঢ়াব।

August 14, 2024 6:49 PM

views 26

২০২৫ বৰ্ষৰ হজ যাত্ৰাৰ বাবে আবেদন পত্ৰ মুকলি

২০২৫ বৰ্ষৰ হজ যাত্ৰাৰ বাবে আবেদন পত্ৰ মুকলি কৰি দিয়া হৈছে। অহা ৯ ছেপ্তেম্বৰ আবেদন দাখিলৰ শেষ দিন হিচাপে ধাৰ্য কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী জৰ্জ কুৰিয়ানৰ সৈতে কালি নতুন দিল্লীত হজ আৱেদন পত্র ২০২৫ মুকলি কৰে।

June 14, 2024 5:04 PM

views 39

আজিৰে পৰা চৌদি আৰবৰ মিনাত ৫ দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ

চৌদি আৰবৰ মিনাত ৫ দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। এই উপলক্ষে বিশ্বৰ প্ৰায় ২০ লাখ লোক ইয়াত একত্ৰিত হৈছে। প্ৰতিবছৰে অনুষ্ঠিত এই হজ যাত্ৰাত ভাৰতৰ ১ লাখ ৭৫ হাজাৰতকৈও অধিক তীর্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে ১ লাখ ৪০ হাজাৰ হজ যাত্ৰী ভাৰতীয় হজ সমিতিৰ অধীনত চৌদি আৰবত উপস্থিত হৈছে। এই বছৰ ভাৰতৰ পৰা সৰ্বাধিক ৫ হাজাৰ মহিলাই মেহৰম বা পুৰুষ অভিভাৱক অবিহনে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। তীর্থযাত্ৰীসকলে পবিত্ৰ নগৰী মক্কাৰ পৰা মিনাত একগোট হ'বৰ বাবে ইতিমধ্যে যাত্রা আৰম্ভ কৰিছে। তেওঁলোকে তাতে নিশাট...

May 17, 2024 12:22 PM

views 22

উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল চৌদি আৰৱৰ জেদ্দা অভিমুখে ৰাওনা

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কালি ৩২২ গৰাকী হজযাত্রী লৈ এখন বিশেষ বিমান সন্ধিয়া ৬ বজাত চৌদি আৰৱৰ জেদ্দা অভিমুখে ৰাওনা হয়। অসম তথা উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ এই প্ৰথমটো দল লৈ বিমানখনে যাত্ৰা কৰে।