July 20, 2024 6:17 PM

views 16

হাইটিত যাত্রিবাহী নাৱত জুই লাগি কমেও ৪০ জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত

হাইটিত যাত্রিবাহী এখন নাৱত জুই লাগি কমেও ৪০ জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। প্রায় ৮০ জনতকৈও অধিক লোক কঢ়িওৱা নাওখনে যোৱা বুধবাৰে হাইটিৰ উত্তৰ উপকূলৰ পৰা ১৫০ মাইল দূৰৰ টাকছ আৰু কাইকোছ দ্বীপপুঞ্জলৈ যাত্ৰা আৰম্ভ কৰিছিল। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছৰ উপ-মুখপাত্র ফাৰহান হকে কয় যে, হাইটিৰ উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰা ৪১ গৰাকী অনুপ্ৰৱেশকাৰীক বৰ্তমান আন্তঃৰাষ্ট্ৰীয় অনুপ্ৰৱেশকাৰী সংস্থাই ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ সহযোগত চিকিৎসা সেৱা, খাদ্য, পানী আৰু মানসিক সহযোগিতা আগব...