July 19, 2025 9:50 PM

views 16

হায়দৰাবাদত অহা ৩ৰ পৰা ১০ আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ

হায়দৰাবাদৰ গাচিবৌলী ইনড'ৰ ষ্টেডিয়ামত অহা ৩ আগষ্টৰ পৰা ১০ আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ অনুষ্ঠিত হ'ব। ২০০৫ চনত এছিয়ান কাবাডী চেম্পিয়নশ্বিপৰ পাছত হায়দৰাবাদে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহিলা কাবাডী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই বিশ্বকাপত ১৪ খন দেশে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ইতিমধ্যে আর্জেণ্টিনা, বাংলাদেশ, চাইনীজ টাইপেই, জার্মানী, হোলেণ্ড, ইৰান, জাপান, কেনিয়া, নেপাল, থাইলেণ্ড, ওগান্দা, জঞ্জিবাৰ আৰু আয়োজক ভাৰতে প্ৰতিযোগিতাত অংশগ্রহণ নিশ্চিত কৰিছে। উল্লেখযোগ্য যে ২০১২ চনত প্...