January 22, 2026 12:41 PM

views 19

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধিৰ দলৰ কোকৰাঝাৰ জিলাৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বি টিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধিৰ দলে আজি জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আছিল। জিলাখনত সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক ক...

January 19, 2026 7:14 PM

views 10

কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ টিপকাইত বীৰ চিলাগং বসুমতাৰী স্মাৰক ষ্টেডিয়াম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম প্ৰেক্ষাগৃহ, পৰ্বঝৰাত পলিটেকনিক আৰু বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কোকৰাঝাৰত ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷

December 4, 2025 6:48 PM

views 18

তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। জিলাখনৰ পথালিকুছিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰি আৰু বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহিলাসকলৰ সবলীকৰণৰ জৰিয়তে গ্রাম্য অর্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰাশিৰ সঠিক ব্যৱহাৰ কৰি উপকৃত হ...

October 28, 2025 10:50 AM

views 45

বিটিচি সচিবালয়ত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত

● কোকৰাঝাৰৰ বিটিচি সচিবালয়ত কালি বিটিচিৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰশাসনিক আৰু উন্নয়ন বিষয়ক ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিটিচিৰ সকলো কাৰ্যবাহী সদস্য, মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে কয়, যে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিত ভূমিপট্টা বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ভূমি আৰু ৰাজহ বিভাগত কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ...

October 4, 2025 1:02 PM

views 41

বি টি চিৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰীৰ কাইলৈ শপতগ্রহণ

বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কার্যবাহী সদস্যৰূপে শপতগ্রহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই শপতগ্রহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ড° ৰবি কোটাই বিটিচিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ ১১ বজাৰ পৰা এই শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, বি টি চিৰ সর্বাংগীন ...

August 31, 2025 9:44 PM

views 77

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ তালিকা প্রকাশৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ

সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰাৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ইউ পি পি এল দলে আজি ১৬টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্রার্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা ১৮ জন প্রার্থীকে ধৰি বৰ্তমানলৈকে মুঠ ৩৬ জন প্রার্থীৰ নাম ঘোষণা কৰিছে। বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিত মাখন স্বৰ্গীয়াৰী ইউ পি পি এলৰ প্রার্থিত্ব প্ৰদানৰ পাছতে সমষ্টিটোত আনন্দৰ জোৱাৰ উঠিছে। বৰতলাত আজি দলীয় কর্মী তথা ইউ পি পি এল সমর্থিত ৰাইজে তেওঁক আদৰণি...