April 30, 2025 12:29 PM April 30, 2025 12:29 PM

views 5

হাফলঙত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মাজৰ সংঘৰ্ষত এন এছ চি এনৰ ৩ জন সদস্যৰ মৃত্যু

 ডিমা হাচাও জিলাৰ হাফলঙত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন এন এছ চি এনৰ তিনিজন সদস্যৰ মৃত্যু হয়। অসম আৰক্ষীৰ মুখ্য কার্যালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি ডিমা হাচাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক শেহতীয়াকৈ উগ্ৰপন্থীয়ে ধন দাবী কৰিছিল। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এই সংক্রান্তত জিলাখনৰ বিভিন্ন স্থানত উগ্ৰপন্থীৰ সন্ধানত বিগত ৩ দিন ধৰি অভিযান চলাই আহিছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত কালি হাফলঙৰ ডিহামলাইৰ গভীৰ বনাঞ্চলত অভিযান চলোৱাৰ সময়ত...