June 24, 2025 8:10 PM

views 13

হাফলং আৰু শিলচৰৰ মাজত যান-বাহনৰ চলাচল বন্ধ

ডিমা হাচাও জিলাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাগিংগা আৰু লাম্পু খণ্ডত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে হাফলং আৰু শিলচৰৰ মাজত যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে। জিলা আয়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ সীমান্ত কুমাৰ দাসে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত জাৰি কৰা এটা নিৰ্দেশত কোৱা হৈছে যে পথছোৱাৰ পৰা শিল, বালি আৰু আৱৰ্জনা আঁতৰোৱা আৰু যাত্ৰী আৰু যান-বাহনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ জাৰি কৰা হৈছে। এই পথেৰে চলাচল কৰা সকলো যান- বাহন আৰু যাত্ৰীকে যাত্রা বাতিল ...