July 22, 2025 8:07 PM

views 19

ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে পাঁচখন প্রাচীন সাঁচিপতীয়া পুথি প্ৰদান

অসমীয়া ভাষাৰ ধ্ৰুপদী মর্যাদাক অধিক গৰিমামণ্ডিত কৰি তোলাৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৌজন্যত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি কলাক্ষেত্ৰৰ উদ্যোগত ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে পাঁচখন প্রাচীন সাঁচিপতীয়া পুথি প্ৰদান কৰা হয়। এই পদক্ষেপৰ জৰিয়তে অসমীয়া ভাষাৰ ঐতিহ্য যাত্ৰাই এটা নতুন গতি লাভ কৰে বুলি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে আশা প্ৰকাশ কৰিছে। কলাক্ষেত্ৰৰ সচিবগৰাকীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীর্যপূর্...