January 9, 2025 8:26 PM

views 21

ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত জ্ঞানদা কাকতিৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

যোৱা নিশা দেহাৱসান ঘটা বর্ষীয়ান অভিনেত্রী জ্ঞানদা কাকতিৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত শ্বিলঙৰ বৈদ্যুতিক শ্মশানত সম্পন্ন কৰা হয়। ইয়াৰ আগতে তেওঁৰ নশ্বৰদেহৰ প্ৰতি শ্বিলঙৰ লাবানৰ আছাম ক্লাব, লাবান নামঘৰ, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা পুষ্পার্ঘ্য নিবেদন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াত তেওঁৰ একমাত্ৰ জীয়ৰী আৰু শিল্পীগৰাকীৰ কিছুসংখ্যক গুণমুগ্ধ উপস্থিত আছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে যোৱা কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভূগি থকা অভিনেত্ৰীগৰাকীৰ যোৱানিশা...

January 9, 2025 10:43 AM

views 25

অভিনেত্রী, আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ দেহাৱসান

■ প্রবীণ বর্ষীয়ান অভিনেত্রী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ যোৱানিশা শ্বিলঙত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। শ্বিলঙৰ বাসিন্দা জ্ঞানদা কাকতি দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৪৮ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতিয়ে অসমীয়াৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত পিয়লি ফুকন, পূৱেৰুণ, সৰাপাত, লখিমী, ৰঙা পুলিচ, চাকনৈয়া, পুৱতি নিশাৰ সপোন, ওপৰ মহলা, শেষ বিচাৰ, প্রিয়জন, ৰাগ-বি...