April 2, 2025 8:58 PM

views 29

অসম ৰাজ্যিক নির্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

অসম ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে কৈছে যে ৰাজ্যখনত ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যিক নির্বাচন আয়ুক্ত অলোক কুমাৰে আজি গুৱাহাটীত এখন সংবাদ মেলত কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাহিৰে বাকী ঠাইসমূহত নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই নির্বাচন অনুষ্ঠিত নহয়। প্রথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহত আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমৰ জিলাসমূহত ভোট...

March 26, 2025 1:32 PM

views 27

গুৱাহাটীৰ শিল্পগ্রামত বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত গুৱাহাটীৰ শিল্পগ্রামত বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই প্ৰতিযোগিতা উদ্বোধন কৰে। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনত সকলো জিলাৰ মুঠ ১৩৫টা শিক্ষা খণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে ২৮২টা প্রকল্প প্ৰদৰ্শন কৰে। শিক্ষাৰ্থীসকলক বিজ্ঞানৰ ব্যৱহাৰিক জ্ঞান আহৰণৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে শিক্ষা বিভাগে প্রাথমিক আ...

March 25, 2025 8:07 PM

views 22

অহা ২৭ পৰা ২৯ মাৰ্চলৈ গুৱাহাটীৰ নেডফী কনভেনচন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ

জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে অহা ২৭ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ গুৱাহাটীৰ নেডফী কনভেনচন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱৰ আয়োজন কৰিছে। এই মহোৎসৱত চলচ্চিত্ৰ আৰু সাহিত্যৰ জৰিয়তে জনজাতি সম্প্ৰদায়সমূহৰ বর্ণাঢ্য সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হ'ব।

February 17, 2025 7:44 PM

views 21

গুৱাহাটী জল ব’ৰ্ডৰ অধীনৰ জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে ৰব’টিক জৰীপৰ কাম সম্প্রতি স্থগিত

গুৱাহাটী জল ব’ৰ্ডৰ অধীনৰ বিভিন্ন স্থানত জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে পৰহিলৈৰ পৰা চলিবলগীয়া ৰব’টিক জৰীপৰ কাম সম্প্রতি স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত জল ব’র্ডে প্রকাশ কৰা অনুসৰি গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰহিলৈৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পৰ্যায় আৰু ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া তৃতীয় পৰ্যায়ৰ ৰব’টিক জৰীপৰ কাম স্থগিত ৰখা হৈছে। অৱশ্যে গুৱাহাটীৰ তাৰকা গৃহৰ সমীপত পানী পৰিবাহী নলীৰ মেৰামতিৰ বাবে কাইলৈ আৰু পৰহিলৈ মহানগৰীৰ চিত্ৰাচল পথ, হেপ্পী ভিল্লা, জয়পুৰ, শিলপু...

February 12, 2025 8:17 PM

views 30

সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি শিক্ষাৰ্থীসকলৰ সামগ্রিক শিক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ২,৫০০ ৰো অধিক বিদ্যালয়ৰ ১ লাখ ৭৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই অলিম্পিয়াডত ভাগ লোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে অহা সপ্তাহত অনলাইন যোগে ২টা অনুশীলনমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। ৫টা ভাষাত জিলা পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব।

January 29, 2025 12:45 PM

views 19

জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ অভিনৱ পদ্ধতি উদ্ভাৱন আই আই টি গুৱাহাটীৰ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকৰ এটা দলে জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ এটা অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে। পদার্থ বিজ্ঞানৰ গৱেষক-অধ্যাপক সৈকত ভৌমিকৰ নেতৃত্বত মানৱ কোষত থকা পাৰাৰ দৰে বিষাক্ত ধাতু চিনাক্তকৰণৰ লগতে জৈৱিক ব্যৱস্থাত ধাতুজনিত বিষক্রিয়া ধৰা পেলোৱা সন্দৰ্ভত গৱেষণা কৰা হয়। মানুহৰ চুলিতকৈ প্ৰায় ১ লাখ গুণ সৰু নেন’স্ফটিকৰ সৈতে ধাতুৰ বিক্ৰিয়াৰ বিষয়ে কৰা গৱেষণাত ধাতুসমূহে জীৱিত মানৱ কোষত দূষিত খাদ্য, পানী বা শ্বাস-প্ৰশ্বাসৰ জৰিয়তে ঘটিব পৰা সংস্...

January 20, 2025 1:12 PM

views 25

আই আই টি গুৱাহাটীত পেন আই আই টি ৱৰ্ল্ড অব্ টেকন’লজি মিট ২০২৫ শীৰ্ষক অনুষ্ঠান

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীত কাইলৈ পেন আই আই টি ৱৰ্ল্ড অব্ টেকন'লজি মিট ২০২৫ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হ'বলগীয়া প্ৰযুক্তি বিদ্যা সম্পৰ্কীয় এই সন্মিলনখন কাইলৈ পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি এছ কোটাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গুৱাহাটী প্ৰেছ ক্লাবত কালি আয়োজিত এখন সংবাদ মেলত আই আই টি গুৱাহাটীৰ একাংশ বিষয়ববীয়াই এই কথা জানিবলৈ দি কয়, যে কাইলৈৰ এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ প্রতিষ্ঠাপক সঞ্চালক অধ্য...

January 3, 2025 12:23 PM

views 24

স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত আই আই টি, গুৱাহাটীৰ গৱেষকৰ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটী আৰু কলকাতাৰ বসু প্ৰতিষ্ঠানৰ এটা গৱেষক দলে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত কৰি উলিয়াইছে। এই উদ্ভাৱনীমূলক হাইড্রজেল ভিত্তিক চিকিৎসাৰ সহায়ত টিউমাৰৰ স্থানলৈ পোনপটীয়াকৈ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰিব পৰা যাব। ইয়াৰ ফলত কৰ্কট ৰোগৰ গতানুগতিক চিকিৎসাৰ সৈতে জড়িত পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে হ্ৰাস পাব। এই গৱেষণা তথ্যসমূহ ৰয়েল ছ'চাইটী অব কেমেষ্টিৰ গৱেষণা হৰাইজনত প্ৰকাশ পাইছে। গৱেষণাপত্ৰখনৰ সহ লেখক হৈছে দেৱপ্ৰতীম দা...

December 30, 2024 12:56 PM

views 31

বতৰৰ বতৰা–

বতৰৰ বতৰা– বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কতা জাৰি কৰিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬.৯ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১.৪ ডিগ্রী ছেলছিয়াছ। অহা ...

December 30, 2024 12:39 PM

views 28

অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি আজি দিনৰ ২ বজাত চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলোচনাসত্ৰৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ, অভিনেতা তথা পৰিচালক কেনি বসুমতাৰী, শ্যাম বৰা, অচিন্ত শংকৰ, অভিনেতা কমললোচন, প্রিয়ংকা বৰুৱা আদি আলোচক হিচাপে উপস্থিত থাকিব। অপৰাজিতা প...