February 17, 2025 12:33 PM February 17, 2025 12:33 PM
26
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৰু পাছলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৩ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অৰুণাচল প্রদেশ, অসম, নাগালেণ্ড আৰু ত্ৰিপুৰাত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মেঘালয়, মিজোৰাম আৰু মণিপুৰত ঠাই বিশেষে বতৰ শুকান ...