February 15, 2025 11:40 AM

views 13

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৫ দশমিক ১ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ দশমিক ৬ ডিগ্রী চেলছিয়াছৰ আশে-পাশে হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ ঠাইবিশেষ পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।