September 20, 2025 9:34 PM

views 17

গুৱাহাটীৰ চানমাৰিত পানীৰ পাইপ ফুটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি

গুৱাহাটী মহানগৰীৰ চানমাৰিত আজি পানীৰ পাইপ ফুটি প্রায় ১০০ ফুট উচ্চতালৈ পানী ফোঁৱাৰাৰ দৰে উঠি যোৱাৰ ফলত বহু সময় ধৰি অঞ্চলটোৰ জনজীৱন স্তব্ধ হৈ পৰে। ইয়াৰ ফলত অঞ্চলটোৰে যান-বাহনৰ চলাচল আৰু যাতায়াত বন্ধ হৈ পৰে। অৱশ্যে কিছু সময়ৰ পাছত প্ৰশাসনৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়।