January 7, 2025 8:57 PM

views 22

ভাৰতভূষণ দেৱচৌধুৰীক গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত

অসম লোকসেৱা আয়োগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাৰতভূষণ দেৱচৌধুৰীক গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত কৰিছে। সুদীৰ্ঘ কালৰ প্ৰশাসনিক অভিজ্ঞতা আৰু দক্ষতাৰ বাবে দেৱচৌধুৰীক এই পদবীৰ বাবে মনোনীত কৰা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে। তেওঁ অসামৰিক প্ৰশাসন সম্পৰ্কীয় বিষয়সমূহৰ পাঠদান কৰাৰ উপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰীয় তথা ৰাজ্যিক লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত প্ৰতিযোগিতামূলক পৰীক্ষাব...

December 11, 2024 12:41 PM

views 28

মঙলবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালিৰেপৰা দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অগ্নি নির্বাপন, ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব পৰাকৈ যুৱ প্ৰজন্মক সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। যিকোনো দুৰ্যোগকালীন পৰিস্থিতিত ক্ষতি হ্ৰাস কৰি উদ্ধাৰ অভিযানৰ সময়ত তাৎক্ষণিকভাৱে ল'বলগীয়া ব্যৱস্থা আৰু প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰিক জ্ঞ...

November 4, 2024 6:55 PM

views 40

ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰে হাতত লোৱা ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত চৰ্যাপদৰ পৰা নৱ্য ভাৰতীয় আৰ্য ভাষালৈ অসমীয়া ভাষাৰ দীঘলীয়া পৰিক্ৰমা সন্দৰ্ভত তেওঁ বিৱৰণ দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া ভাষাৰ চৰ্চা, গৱেষণা ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা ভাষাবিদ পণ্ডিতসকলক স্মৰণ কৰে। অনুষ্ঠানত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ক...

September 2, 2024 7:57 PM

views 25

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ দীক্ষাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আজি দীক্ষাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষণত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত শিক্ষাৰ বিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ সমাজৰ উন্নতিৰ বাবে নৈতিকতা আৰু জ্ঞান গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। আনহাতে অনুষ্ঠানটোত অসম ৰাজ্যিক জনসেৱাৰ অধিকাৰ আয়োগৰ মুখ্য আয়ুক্ত ড০ সূজয় লাল থাউচেনে অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু ইয়াৰ উপায় সন্দৰ্ভত ভাষণ আগবঢ়া...

September 2, 2024 12:26 PM

views 29

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ২০২৪-২৫ শিক্ষাবৰ্ষৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰম্ভ সমাৰোহ

● গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আজি ২০২৪-২৫ শিক্ষাবৰ্ষৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰম্ভ সমাৰোহ অনুষ্ঠিত হ'ব। ১৯৪৮ চনত স্থাপিত এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনে নাকৰ এ প্লাছ স্বীকৃতি লাভ কৰিছে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমখন বিশ্ববিদ্যালয়ে ভাৰতৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ তালিকাত ১৩ সংখ্যক স্থান, ভাৰতৰ সমগ্ৰ বিশ্ববিদ্যালয় তালিকাত ৪০ সংখ্যক স্থান লাভৰ লগতে আই আই টি, আই আই এমকে ধৰি দেশৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ ভিতৰত ৫৭ সংখ্যক স্থান লাভ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰ...

August 21, 2024 12:15 PM

views 33

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈৰ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ

■ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে কালি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । বিশ্বিবিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে কালি তেওঁক আনুষ্ঠানিকভাৱে বিদায় জনায়। তেওঁ ২০১৯ চনৰ পৰা উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল। ড০ সন্দিকৈৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে নাকৰ এ প্লাছ গ্রেড আৰু ভাৰতৰ শীৰ্ষ ১০০খন শিক্ষানুষ্ঠানৰ মাজত স্থান লাভ কৰিছিল। ইফালে বিশ্ববিদ্যালয়খনৰ নতুনকৈ উপাচাৰ্যৰ দায়িত্ব লাভ কৰা অধ্যাপক ড০ ননীগোপাল মহন্তই আজি উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ কৰিব ।

June 29, 2024 12:54 PM

views 26

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত শিৱতোষ মাহাতোক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক শিৱতোষ মাহাতোক আটক কৰা হৈছে। ধুবুৰী আৰক্ষীৰ সহযোগত কালি বৰপেটা আৰক্ষীয়ে কম্পিউটাৰ শিক্ষকজনক আটক কৰি নিজৰ জিম্মাত লয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ধনৰ বিনিময়ত নম্বৰ বৃদ্ধি কৰাৰ এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। আৰক্ষীৰ তদন্তৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়খনৰ পৰাই বৃহৎ ধনৰ বিনিময়ত এই কেলেংক...

June 14, 2024 7:52 PM

views 28

গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ টি ইউ ভি নৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত

গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ টি ইউ ভি নৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ লগতে এন এ বি চি বিৰ স্বীকৃতিসহ মান ব্যৱস্থাপনা প্রক্রিয়া আই এছ ও নাইন থাওজেণ্ড ৱান টু থাওজেণ্ড ফিফটিন প্রমাণ পত্র লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে, এন এ বি চি বি হৈছে ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্যৰ সংবৰ্দ্ধন বিভাগৰ অধীনৰ এটা স্বায়ত্ত শাসিত সংস্থা।

June 14, 2024 12:32 PM

views 24

অহা ৯ পৰা ১১ জুলাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নামভৰ্তি প্ৰৱেশ পৰীক্ষা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নামভৰ্তি প্ৰৱেশ পৰীক্ষা অহা ৯ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত কৰা হ'ব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুঠ ১০টা পৰীক্ষা কেন্দ্ৰত এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তিৰ বাবে ইচ্ছ্যুক শিক্ষাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনলাইন যোগে আবেদন কৰিব লাগিব। বিশ্ববিদ্যালয়খনৰ শ্ৰেণীসমূহৰ সচিবে জাৰি কৰা জাননী অনুসৰি অহা ১৫ জুনৰ পৰা অনলাইন প'ৰ্টেল যোগে আবেদনৰ প-পত্ৰ পূৰ্ণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা ২৫ জুনৰ মাজনিশা এই প-পত্...