August 21, 2024 7:09 PM

views 19

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক ড০ ননীগোপাল মহন্তৰ দায়িত্ব গ্রহণ

অধ্যাপক ড০ ননীগোপাল মহন্তই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব গ্রহণ কৰে। বিদায়ী উপাচার্য প্রতাপজ্যোতি সন্দিকৈৰ কার্যকালৰ কালি সামৰণি পৰাৰ পাছত আজি ড০ মহন্তই কার্যভাৰ গ্রহণ কৰে। আজি বিশ্ববিদ্যালয়খনত উপস্থিত হোৱাৰ পাছত তেওঁক শিক্ষক- কর্মচাৰীসকলে আদৰণি জনায়। ইয়াৰ পাছত সাংবাদিকৰ আগত নিজৰ মনৰ ভাব প্রকাশ কৰি উপাচার্যগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ক দেশৰ শীৰ্ষৰ ১০খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত এন-আৰ-এফ ৰেংকিঙত পাঁচ নম্বৰ স্থানলৈ অনাৰ বাবে তেওঁ কাম কৰি যাব। তদুপৰি বিশ্ববিদ্যালয...