May 11, 2024 11:01 AM

views 15

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি উৎসৱৰ আজি দ্বিতীয় দিন

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি উৎসৱ কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা অসমীয়া বিভাগৰ বিভাগীয় প্রধান অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই মহাৰজত জয়ন্তীৰ শিখা প্রজ্বলন কৰে। অসমীয়া বিভাগৰ শিক্ষক আৰু প্ৰাক্তন শিক্ষার্থীসকলে মহাৰজত জয়ন্তী উপলক্ষে ৭৫ খন পতাকা উত্তোলন কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাৰ দ্বাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই মুকলি কৰে। অনুষ্ঠানটোত অসম ভাষা সাহিত্য-সংস্কৃ...