January 23, 2026 7:22 PM

views 13

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন পালন আৰু জৈৱ-বৈচিত্র্য কেন্দ্রত বিশেষ মীন গৱেষণা কেন্দ্র মুকলি

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন পালন আৰু জৈৱ-বৈচিত্র্য কেন্দ্রত বিশেষ মীন গবেষণা কেন্দ্র মুকলি কৰে। তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কৃষক প্রশিক্ষণ আবাস গৃহৰো আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য ননীগোপাল মহন্ত উপস্থিত থাকে। ইয়াৰ ফলত ৰাজ্যৰ মীন পালন খণ্ডত দক্ষতা বিকাশ, গৱেষণা আৰু সামর্থ্য নির্মাণ ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মাজত বিশেষ মীন সম্পৰ্কীয় গৱেষণা তথা সংৰক্ষণ সংবর্ধন কৰা...

January 19, 2026 7:36 PM

views 24

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬ উদ্বোধন কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰা হৈছে। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অৱতীৰ্ণ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্...

January 19, 2026 12:25 PM

views 13

আজিৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীর্ষক অনুষ্ঠানৰ আয়োজন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ধ্যালয়ে আজিৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীর্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুবতীসকলক একত্ৰিত কৰা হ'ব। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অবতীর্ণ হ'ব। কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীয়ে আজি এই প্রতিযোগিতা উদ্বোধ...

December 29, 2025 7:50 PM

views 10

গুৱাহাটী মহাবিদ্যালয়ত চলি থকা তিনিদিনীয়া গ্রন্থমেলা প্রাংগণত আজি মুকলি কুইজ প্রতিযোগিতা অনুষ্ঠিত

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি গুৱাহাটী মহাবিদ্যালয়ত চলি থকা তিনিদিনীয়া গ্রন্থমেলা প্রাংগণত আজি এখন মুকলি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলৰ মাজত অনুষ্ঠিত কুইজ প্রতিযোগিতাখনিৰ মূল বিষয় আছিল সদ্যপ্রয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ জীৱনজোৰা শিল্পযাত্রা। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° অনুজয় কুমাৰ শইকীয়াই আঁত ধৰা প্রতিযোগিতাখন পৰিচালনা কৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডৎকৌশিক হাজৰিকাই আৰু তেওঁক সহযোগ কৰে ইতিহাস বিভাগৰ সহকাৰী অধ্...

December 6, 2025 8:40 PM

views 23

জলবায়ু বিজ্ঞানী তথা অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ

খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ আগবঢ়োৱা হৈছে। অনুসন্ধান নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ বিষয়া ড০ শিৱকুমাৰ কল্যাণ ৰমনে এই কথা ঘোষণা কৰিছে। দেশৰ শ্ৰেষ্ঠ অৱসৰপ্ৰাপ্ত বিজ্ঞানী, অভিজ্ঞ গৱেষক আৰু উদ্যোগ বিশেষজ্ঞসকলক গৱেষণামুখী বিশ্ববিদ্যালয়সমূহত নিযুক্ত কৰাই এই প্ৰফেচৰশ্বিপৰ মূল উদ্দেশ্যে। গুৱাহাটী বিশ্বাবিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই এটা শুভেচ্ছামূ...

November 17, 2025 6:04 PM

views 35

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষ...

September 5, 2025 12:11 PM

views 19

এন আই আৰ এফত দেশৰ শীৰ্ষৰ ১০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল গুৱাহাটী বিশ্ববিদ্যালয়ৰ

গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা মন্ত্ৰ্যালয়ে কালি ঘোষণা কৰা চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্রাতিষ্ঠানিক ৰেংকিং এন আই আৰ এফত দেশৰ শীৰ্ষৰ ১০ খন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ৰেংকিঙত কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ে শীর্ষ স্থান আৰু চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ে দ্বিতীয় স্থান দখল কৰে। চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। ইপিনে, আই আই টি, গুৱাহাটীয়ে গৱেষণা প্ৰতিষ্ঠান আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ তালিকাত ক্ৰমে দশম আৰু অষ্টম স্থা...

August 29, 2025 7:40 PM

views 19

গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বিতীয় নিৰু হাজৰিকা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত দ্বিতীয় নিৰু হাজৰিকা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতাত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রথম শ্রেষ্ঠ দল, এন ই এফ ল' কলেজ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু গুৱাহাটী বিশ্ববিদ্যালয় তৃতীয় শ্রেষ্ঠ দল হিচাপে বিবেচিত হৈছে। এন ই এফ কলেজৰ কুলদীপ ভট্টাচাৰ্য শ্রেষ্ঠ তার্কিকৰ খিতাপ অৰ্জন কৰিছে। একেদৰে আই আই টি গুৱাহাটীৰ আৰু মায়ম থামে - জুৰিৰ বিশেষ বঁটা লাভ কৰিছে। অধ্যাপক অখিল ৰঞ্জন দত্ত অধ্যক্ষ হিচাপে থকা তর্ক প্রতিযোগিতাখনত জ্যেষ্ঠ অধিবক্তা উমি ডেকা বৰুৱা, আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজ...

July 3, 2025 7:58 PM

views 23

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্রযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় ভাষাসমূহক ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ ক্ষেত্ৰত অগ্ৰণী পদক্ষেপ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্রযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ PART OF SPEECH TAGGING FOR NORTH-EAST INDIAN LANGUAGES এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কর্মশালা উদ্বোধন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা ক্ষুদ্ৰ ভাষিক গোটসমূহৰ ভাষাৰ সুৰক্ষা তথা প্ৰসাৰৰ ক্ষেত্ৰত ডিজিটেল প্ৰয়োগৰ গুৰুত্ব আলোকপাত কৰে। ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয় বৰং ই হৈছে ভাষিক গোট ...

June 1, 2025 11:53 AM

views 28

মেঘালয়ৰ চূণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্রজাতিৰ মাছ চিনাক্ত

● গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এটা দলে ড০ কংকন শর্মাৰ নেতৃত্বত মেঘালয়ৰ চূণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্রজাতিৰ মাছ চিনাক্ত কৰিছে। লেডী কিন কলেজ, শ্বিলং আৰু আই চি এ আব নেচনেল ব্যুৰ’ অৱ ফিছ জেনেটিক বিছাৰ্ছ লক্ষ্ণৌৰ সহযোগিতাত আৱিষ্কাৰ কৰা মাছৰ প্ৰজাতিবিধক শ্বিষ্টুৰা ডেনচিক্লাভা নামেৰে নামকৰণ কৰিছে। মেঘালয়ৰ অতি অন্ধকাৰ গুহাৰ মাটিৰ তলত শ শ মিটাৰ গভীৰতাত পোৱা এই মাছবিধে অতি দুর্গম পৰিস্থিতিত জীয়াই থাকিব পাৰে। এই গৱেষণা আৰু আৱিষ্কাৰে গুহাৰ পৰিৱেশত মাছৰ জীৱন প্ৰণালী বিষয়ে বিশদ অধ্য...