July 17, 2024 8:53 PM July 17, 2024 8:53 PM

views 9

গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত ট্রান্সফৰ্মাৰ বিস্ফোৰণ হৈ ৪জন লোক আহত

গুৱাহাটী মহানগৰীৰ বিৰুবাৰী আৰক্ষী চকীৰ সমীপত ট্রান্সফৰ্মাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডত ৪ জন লোক আহত হৈছে। বিৰুবাৰীৰ পৰা বকোলৈ ওভতাৰ সময়তে এই ঘটনা সংঘটিত হয়। বাহনত উঠিবলৈ লওঁতেই ঘৰৰ চৌহদত থকা ট্রান্সফর্মাৰৰ বিস্ফোৰণ ঘটে। আহত লোককেইজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰা হয়।