September 25, 2024 12:42 PM

views 16

গুৱাহাটীৰ কামাখ্যাৰ পৰা আজাৰা হৈ গোৱালপাৰা সংযোগী ৰে’লপথৰ দ্বৈতকৰণৰ প্রয়োজনীয় ভূমি আবণ্টনত কেবিনেটৰ অনুমোদন

অসম মন্ত্ৰীসভাৰ বৈঠকে কামাখ্যাৰ পৰা আজাৰা হৈ গোৱালপাৰা সংযোগী ৰে’লপথছোৱাৰ দ্বৈতকৰণৰ বাবে প্রয়োজনীয় ভূমি আবণ্টনত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে এই পথছোৱাৰ বাবে ৮ বিঘা ভূমি ৰে'লৱেক হস্তান্তৰ কৰাত অনুমোদন জনায় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। হাজো, মাজুলী আৰু টিংখঙত নির্মীয়মান কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানৰ বাবে ১৫০ কোটি টকাৰ প্ৰশাসনীয় অনুমোদন...