October 11, 2025 1:35 PM

views 24

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ ২৫ জানুৱাৰীত ভাৰত-নিউজিলেণ্ডৰ টি-টুৱেণ্টি মেচ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ এখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ ২৫ জানুৱাৰীত অনুষ্ঠিত হ'ব। শৃংখলাৰ তৃতীয়খন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি অসম ক্রিকেট সংস্থাই কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ভাৰত ভ্ৰমণসূচীত নিউজিলেণ্ডে তিনিখন এদিনীয়া আৰু ৫ খন টি-টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলত অংশ ল’ব।