January 1, 2025 9:13 PM January 1, 2025 9:13 PM
7
গুৱাহাটীৰ শিলপুখুৰীৰ শান্তিস্থলত গোপীনাথ বৰদলৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত সমাধিক্ষেত্ৰ শান্তিস্থলত ১ কোটি ২৬ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা বৰদলৈ দেৱৰ এটা আবক্ষ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মুখ্যমন্ত্ৰীয়ে শান্তিস্থলত নিৰ্মাণ কৰা নতুন পুথিভঁৰাল ভৱনটোও উদ্বোধন কৰে।