July 27, 2024 12:27 PM

views 15

গুৱাহাটীৰ সমীপত হ’ব ছেটেলাইট টাউনশ্বিপঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সমীপত এখন ছেটেলাইট টাউনশ্বিপ গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই টাউনশ্বিপৰ বাবে কেন্দ্ৰই ধনৰ যোগান ধৰিব। ইয়াৰ বাবে বাজেটত প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰা হৈছে। কালি এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰাৰ বাবে অসম সঠিক দিশেৰে আগবাঢ়িছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক সমীক্ষাৰ তথ্য বিশ্লেষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুষ্মান কাৰ্ডৰ সন...