March 22, 2025 9:16 PM

views 25

গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেচনৰ সহযোগত উদ্ভাৱন মহোৎসৱৰ আয়োজন

গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰই ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেচনৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ উদ্ভাৱন মহোৎসৱৰ আয়োজন কৰিছে। উদ্ভাৱনী আৰু সৃষ্টিশীল কামকাজত জড়িত হ'বলৈ জনসাধাৰণক উৎসাহিত কৰাৰ বাবে প্ৰতি বছৰে আয়োজন কৰা এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ উদ্ভাৱক আৰু শিপিনীসকলে অংশগ্ৰহণ কৰিছে। ইয়াৰ লগতে মহোৎসৱত স্থানীয় বৈজ্ঞানিক সংস্থাসমূহে ছাত্ৰ সমাজৰ সৃজনীশীলতাৰ বিকাশ সাধন কৰিবলৈ বিভিন্ন উদ্ভাৱনী প্রযুক্তি তথা কলাৰ প্ৰদৰ্শন কৰিছে। মহোৎসৱৰ লগত সংগতি ৰাখি উদ্ভাৱনা আৰু সৃষ্টিশীলতা বিষ...